কৰ্ণাটকৰ জ্যেষ্ঠ কংগ্ৰেছ বিধায়ক তথা কৰ্ণাটক বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে ধৰ্ষণ সন্দৰ্ভত কৰা অশ্লীল আৰু অভব্য মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে। ৰমেশ কুমাৰে সামাজিক মাধ্যমত ক্ষমা বিচাৰি কয় যে তেওঁ অপৰাধক প্ৰাধান্য দিয়াৰ উদ্দেশ্য নাছিল।
ৰমেশ কুমাৰে টুইট কৰি লিখে, “মই এতিয়াৰ পৰা মোৰ কথাবোৰ সাৱধানে বাছনি কৰিম!” বিধানসভাত “ধৰ্ষণ!” সম্পৰ্কে কৰা উদাসীন আৰু অৱহেলামূলক মন্তব্যৰ বাবে মই সকলোৰে ওচৰত দুখ প্ৰকাশ কৰিব বিচাৰো। মোৰ উদ্দেশ্য ভুল নাছিল বা জঘন্য অপৰাধক প্ৰাধান্য দিয়াৰ উদ্দেশ্য নাছিল। কিন্তু এইটো এটা অফ কাফ মন্তব্য আছিল! মই এতিয়াৰ পৰা আপোনালোক সকলোৰে আগত মোৰ কথাবোৰ সাৱধানে ৰাখিম।”
উল্লেখ্য যে, কংগ্ৰেছ বিধায়কজনে বিধানসভাত নিজৰ বক্তব্য ৰাখিবলৈ গৈ এনে অপত্তিজনক মন্তব্য কৰিছিল। কুমাৰে বিধানসভাত কৈছিল যে যেতিয়া ধৰ্ষণ অনিবাৰ্য হয়, শুই থাকক আৰু ইয়াক উপভোগ কৰক। তেওঁ অধ্যক্ষৰ ওপৰত মম্তৱ্য ৰাখি কয় যে অধ্যক্ষজন একে স্থিতিত আছে। এই মন্তব্যৰ পিছত কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ বিশ্বেশ্বৰ হেগড়ে কাগেৰীয়ে পদক্ষেপ লোৱাৰ পৰিৱৰ্তে ইয়াক লৈ হাঁহিবলৈহে ধৰে।
কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়কজনে এই মন্তব্য বিধায়কসকলে বিধানসভাৰ কৃষকসকলৰ সমস্যাৰ ওপৰত বিতৰ্ক কৰিবলৈ অধ্যক্ষ বিশ্বেশ্বৰ হেগড়ে কাগেৰীক সময়ৰ বাবে হেঁচা দিয়া আৰম্ভ কৰাৰ সময়তে কৰে। যেতিয়া অধ্যক্ষই প্ৰশ্ন কৰিছিল যে যদি সকলোৰে একে সময় থাকে তেন্তে অধিৱেশন কেনেদৰে চলিব।
