ধৰ্ষণৰ অভিযুক্তই বিয়াৰ বাবে দিয়া হেঁচাত অতীষ্ঠ হৈ আত্মজাহ দিলে এগৰাকী কিশোৰীয়ে…

62

ডিজিটেল ডেস্কঃ আন এগৰাকী বলাৎকাৰৰ ভুক্তভোগীয়ে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল যোগী ৰাজ্যত। বলাৎকাৰীক বিয়া কৰাবলৈ প্ৰদান কৰা হেঁচাৰ বাবেই নিজৰ দেহত অগ্নিসংযোগ কৰি মৃত্যুক সাৱটিলে এগৰাকী কিশোৰীয়ে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ফাৰুখাবাদৰ ফাতেগড় আৰক্ষী থানা এলেকাত।

ঘটনাৰ বিৱৰণী অনুসৰি, ২০২১ চনৰ ৮ জানুৱাৰীত ১৬ বছৰীয়া কিশোৰীগৰাকীক দুজন ব্যক্তিয়ে ধৰ্ষণ কৰিছিল। দলবদ্ধ ধৰ্ষণৰ গোচৰত দুয়োকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। যোৱা আগষ্ট মাহত জামিনত জেলৰ পৰা মুকলি হৈছিল দুয়োজন।

ইয়াৰ পিছতে ভুক্তভোগীগৰাকীক বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিবলৈ ধৰে অভিযুক্ত যুৱক দুজনে। ধৰ্ষণ অভিযুক্তই কিশোৰীগৰাকীক ধৰ্ষণৰ অভিযুক্ত এজনৰ সৈতে বিয়াত বহিবলৈ হেঁচা প্ৰদান কৰে।

যাৰ ফলত উপায়ন্তৰ হৈ নিজৰ দেহত জুই লগাই আত্মজাহ যাবলৈ বাধ্য হৈ পৰে কিশোৰীগৰাকী।

জানিব পৰা মতে, কিশোৰীগৰাকীয়ে দেহত অগ্নিসংযোগ কৰাৰ সময়ত পথাৰত কাম কৰি আছিল দেউতাকে।

চিঞৰ-বাখৰ শুনি তেওঁ ঘৰলৈ দৌৰি আহি গুৰুতৰভাৱে আহত কিশোৰীগৰাকীক লগে লগে স্থানীয় হাস্পতাললৈ লৈ যায় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে দিল্লীৰ চফদৰজং হাস্পতাললৈ লৈ যোৱা হয়।

কিন্তু দেহৰ ৭০ শতাংশ ইতিমধ্যে জ্বলি যোৱা কিশোৰীগৰাকীৰ হাস্পতালৰ বিচনাতে মৃত্যু ঘটে।

ইফালে এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে। আৰক্ষীয়ে অভিযুক্ত দুজনৰ সন্ধানত তালাচী অভিযান অব্যাহত ৰাখিছে যদিও দুয়োজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে।

কিশোৰীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত লম্পট দুজনে কিশোৰীগৰাকীক মোবাইলত মেছেজ কৰি বিয়াৰ বাবে হেঁচা প্ৰদান কৰিছিল। বিয়াত নবহিলে গোটেই পৰিয়ালটোক হত্যা কৰাৰো ভাবুকি প্ৰদান কৰিছিল।

এনে হেঁচাৰ বাবেই উপায়ন্তৰ হৈ নিজ দেহত অগ্নিসংযোগ কৰি মৃত্যুক সাৱটি লয় ভুক্তভোগী কিশোৰীগৰাকীয়ে।