ধৰ্মীয় আৱেগক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ সাংবাদিক মহম্মদ জুবেইৰক

67

ধৰ্মীয় আৱেগক অপমান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে Alt Newsৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক। সংঘৰ্ষৰ বাবে উচটনি দিয়াৰ অভিযোগত জুবেইৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩ আৰু ২৯৫এ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, তেওঁৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে। তেওঁক আদালতত হাজিৰ কৰা হ’ব। জানিব পৰা মতে, এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে দিল্লী আৰক্ষীক জনাইছে যে সাংবাদিক গৰাকীৰ এই টুইটে অশান্তি বিয়পাই দিব পাৰে।

টাইমছ অৱ ইণ্ডিয়াৰ মতে, অভিযোগকাৰী গৰাকীয়ে অভিযোগ কৰিছে যে মহম্মদ জুবেইৰৰ ছ’চিয়েল মিডিয়া পোষ্টত ধৰ্মীয় আৱেগক আঘাত কৰা ছবি আৰু শব্দ ব্যৱহাৰ কৰা হৈছে। দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, সাংবাদিকগৰাকীয়ে এনে এটা পোষ্ট কৰি জনস্বাৰ্থত আঘাত হানিছে। আৰু সেইবাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

২০২০ চনত দাখিল কৰা এটা গোচৰত প্ৰথমবাৰৰ বাবে জুবেইৰক সোধা-পোছাৰ বাবে মাতি অনা হৈছিল। পিছত সোমবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে, দিল্লী আৰক্ষীৰ বিশেষ কোষে সাংবাদিকজনক গ্ৰেপ্তাৰ কৰিছে। সূত্ৰ অনুসৰি চাইবাৰ ক্ৰাইম ইউনিটৰ বিষয়াসকলে জুবৈৰক আদালতলৈ লৈ যাব। তেওঁক জিম্মাত লোৱাৰ বাবে আবেদন কৰা হ’ব।

আৰক্ষীৰ সূত্ৰ অনুসৰি মহম্মদ জুবেইৰৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ পোৱা গৈছে। আৰু সেইবাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে অল্ট নিউজৰ আন এগৰাকী সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই টুইট কৰি কয় যে আৰক্ষীয়ে জুবৈৰক কোনোধৰণৰ আগতীয়া জাননী দিয়া নাই। একাধিক অনুৰোধ কৰাৰ পিছতো এফআইআৰৰ কোনো কপি প্ৰদান কৰা হোৱা নাই।

তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰি কয় যে, “মই বিশ্ববিখ্যাত সাংবাদিক মহম্মদ জুবাইৰক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ কৰিছো। তেওঁ দিনৰ পিছত দিন বিজেপিৰ ভুৱা বাতৰি উদঙাই দি আহিছে।”

কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে টুইট কৰি কয়, “ভাৰতৰ বাবে অল্ট নিউজ অতি গুৰুত্বপূৰ্ণ। কাৰণ, এই দেশত তথ্য পৰীক্ষাৰ সেৱা অতি কম। ৰাজনীতিকৰণৰ যুগত এই ধৰণৰ সেৱাৰ প্ৰয়োজন। ভুৱা বাতৰি প্ৰচাৰ কৰাসকলক মানুহে উদঙাই দিছে। তেওঁক তৎক্ষণাত মুকলি কৰি দিব লাগে।”