ধেমাজিঃ ধেমাজি জিলাত বুধবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে কমেও ৭ জন আহত হয়।
জানিব পৰা মতে, সমৰঞ্জন গাঁৱৰ সমীপত এখন মেজিক ভ্যান আৰু অটো ৰিক্সাৰ মুখামুখি সংঘৰ্ষত মৃত্যু আৰু আহত হয়।
ঘটনাৰ পিছতে আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
এতিয়াও জানিব পৰা হোৱা নাই নিহতসকলৰ পৰিচয়।
শেহতীয়াকৈ তেজপুৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন বাইকাৰৰ মৃত্যু হয়।
নিজ বিহাগুৰিত AS12 S 0861 নম্বৰৰ পঞ্জীয়ন নম্বৰৰ বাইকখনে এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।
নিহত দুজনৰ নাম বিজু সিং আৰু সুমন তালুকদাৰ।
