ধেমাজি জিলাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত নাবালকসহ কমেও তিনিজন লোকৰ মৃত্যু।
ইফালে, পথ দুৰ্ঘটনাত আন ৬ জন লোক আহত হোৱাৰ লগতে সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
বৃহস্পতিবাৰে ধেমাজিৰ জোনাইৰ সমীপৰ তেলাম লক্ষীপথাৰ অঞ্চলত সংঘটিত হয় এই ঘটনা।
খবৰ অনুসৰি এখন চাৰিচকীয়া বাহনে এখন মটৰ চাইকেল, এখন স্কুটি আৰু এখন চাইকেলত খুন্দা মাৰে।
ধেমাজি জিলাৰ এগৰাকী আৰক্ষী বিষয়াই কয় যে, “এজন লোকৰ থিতাতে মৃত্যু হয় আৰু এগৰাকী কিশোৰীকে ধৰি আন দুজন লোকে চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।”
