ধূপধৰাৰ ধনুভাঙাত অঘটন ৷ ধান কাটিবলৈ গৈ থকা মহুৰ্তত ৰে’লে কাটিলে পতি-পত্নীক ৷

79

ধূপধৰাৰ ধনুভাঙাত অঘটন ৷ ধান কাটিবলৈ গৈ থকা মহুৰ্তত ৰেলে কাটিলে পতি-পত্নীক ৷ ধনুভাঙাৰ আৱৈমাৰীত সংঘটিত হৈছে কৰুণ ঘটনাটো ৷ ৰেলৰ খুণ্ডাত নিহত ললিত মোহন দৈমাৰী(৭০) আৰু পত্নী ৰখীয়া দৈমাৰী (৬৫) ৷ নতুন ৰেলপথেৰে পতি-পত্নীয়ে আৱৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা মুহুৰ্তত সংঘটিত হয় দুৰ্ঘটনাটো ৷ উল্লেখ্য যে, যোৱা কালি নতুন পথেৰে নিউবঙাইগাঁৱৰ পৰা ধূপধৰালৈ চলাচল কৰিছে ৰেল ৷ নতুন পথেৰে ৰেল চলাচল আৰম্ভ হোৱাৰ কথা গম নপোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ৷ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। দুৰ্ভগীয়া দুয়ো পতি-পত্নীৰ ঘৰ ধনুভাঙা ফকিৰপাৰাত বুলি জানিব পৰা গৈছে ৷ ৰে’লৰ খুন্দাত দুই স্বামী-স্ত্ৰীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ধনুভাঙা অঞ্চলত ৷