ধুবুৰী জিলা পৰিষদৰ CEO বিশ্বজিৎ গোস্বামীৰ বঙাইগাঁৱস্থিত বাসগৃহত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখা আৰু আৰক্ষীৰ অভিযান।
সংগ্ৰাম নিলয় নামৰ এপাৰ্টমেণ্টৰ D1 কোঠাত আৰক্ষীয়ে চলাই আছে অভিযান ।
উক্ত ফ্লেটটো বিশ্বজিৎ গোস্বামীৰ পত্নী লিলিদেৱী গোস্বামীৰ নামত আছে ।
বৃহৎ পৰিমানৰ নগদ ধন উদ্ধাৰ কৰাৰ তথ্য
বিশ্বজিত গোস্বামীৰ বঙাইগাঁৱৰ বাসগৃহৰ পৰা প্ৰায় ২ কোটি ৩১ লাখ টকা জব্দ কৰিছে দূৰ্ণীতি নিবাৰক শাখাই। ৬ টাকৈ বেংক একাউন্ট জব্দ ১১ ঠাইত মাটি আছে বিশ্বজিত গোস্বামী আৰু তেওঁৰ পৰিয়ালৰ নামত।১৫ বিত্তীয় আয়োগৰ আচনিৰ ৯ শতাংশ কমিচনৰ ধন লবলৈ গৈ ধৰা পৰে বিশ্বজিত গোস্বামী।
