ধুবুৰীৰ সাংবাদিক ৰাজীব শৰ্ম্মাক বিনচৰ্ত্তে মুক্তিৰ দাবী

109

ষ্টাফৰিপৰ্টাৰ, ডিওৱাই ৩৬৫ ৰ ধুবুৰীৰ সাংবাদিক তথা ধুবুৰী প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মাক মাজনিশা আটক কৰা ঘটনাক ৰহস্য জনক আখ্যা জাৰ্ণেলিষ্ট এছ’চিয়েছন অৱ্ আছাম “জা” আৰু নেশ্চনেল ইউনিয়ন অৱ্ জাৰ্ণেলিষ্ট ইণ্ডিয়া, এন ইউ জে আই ৰ । মাজনিশা ৰাজীৱ শৰ্মাক ঘৰৰ পৰা আটক কৰাৰ পিছতেই সাংবাদিক শৰ্মাৰ পিতৃৰ আকস্মিক বিয়োগৰ দৰে মৰ্মান্তিক ঘটনাৰ পাছতো মানৱতাবোধ নথকা সংশ্লিষ্ট আৰক্ষী প্ৰশাসনক কঠোৰ ভাষাৰে গৰিহণা দি “জা” ৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু মূখ্য উপদেষ্টা তথা এন ইউ জে আইৰ ৰাষ্ট্ৰীয় উপ সভাপতি ভূপেন গোস্বামীয়ে কয় যে ক শেহতীয়াকৈ চোৰাং গৰু সৰবৰাহ আৰু গৰুৰ ছিণ্ডিকেটৰ বাতৰি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰাৰ বাবেই ৰাজীৱ শৰ্মাক আৰক্ষী বিষয়াই এনে ব্যৱহাৰৰ কৰিছে । তদন্তৰ নামত কোনো কাৰণতে সাংবাদিক জনক যাতে হাৰাশাস্তি নকৰে তাৰ বাবে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ওচৰত সংগঠনটোৱে অনুৰোধ জনাইছে ।আনহাতে সংবাদ মাধ্যমৰ কণ্ঠ ৰুদ্ধ কৰাৰ এনে চক্ৰান্তত জৰিত থকা আৰক্ষীৰ বিৰুদ্ধে শান্তি মূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে ৰাজীৱ শৰ্মাক বিনা চৰ্ত্তে মুকলি কৰি দিয়াৰ আহ্বান জনাই সাংবাদিকৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ কোনো কাৰণতে সহ্য কৰা নহব বুলি সংগঠনটোৰ তৰফৰ পৰা চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সকিয়াই দিছে ।