ধুবুৰীত মহিলা জেহাদী গ্ৰেপ্তাৰ

159

স্বাধীনতাৰ প্ৰাকক্ষণত ৰাজ্যত পুনৰ জেহাদীৰ সন্ত্ৰাস।

এইবাৰ অসমত গ্ৰেপ্তাৰ এগৰাকী মহিলা জেহাদী।

বিলাসীপাৰাৰ পৰা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে জহুৰা খাতুন নামৰ মহিলা সন্ত্ৰাসবাদী গৰাকীক।

বিলাসীপাৰাৰ নায়েব আলগা গাঁৱত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মহিলা জেহাদীগৰাকীক।

ইফালে জহুৰা খাতুনৰ স্বামী মৈৰাবাৰীৰ আবু তাল্লাহো মৌলবাদী কাৰ্যকলাপৰে জড়িত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

বাংলাদেশৰ নিষিদ্ধ ঘোষিত ইছলামিক মৌলবাদী সংগঠন আনছাৰুল বাংলাৰ সদস্য আছিল স্বামী-স্ত্ৰী।

অন্যহাতে আবু তাল্লাহক বাংলাদেশী নাগৰিক বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে।

অসমত জেহাদীৰ কূটাঘাত সৃষ্টিত জড়িত আছিল স্বামী-স্ত্ৰী জহুৰা খাতুন আৰু আবু তাল্লাহে।