ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা! ৰাজহ চক্ৰ বিষয়াসহ কেইবাজনো সন্ধানহীন

115

ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা!

ধুবুৰীৰ ভাচামী চৰত ১০০ জন যাত্ৰীসহ ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল যন্ত্ৰচালিত নাও।

দলঙৰ খুঁটাত খুন্দা মৰাৰ পিছতে পানীত বুৰ যায় নাওখন।

ঘটনাৰ পিছতে এছডিআৰএফ বাহিনী উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান।

ইতিমধ্যে কেইবাজনো লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে।

কিন্তু এতিয়াও সন্ধানহীন হৈ আছে আন কেইবাজনো যাত্ৰী।

নাও দুৰ্ঘটনাৰ পিছতে লুইতৰ বুকুত সন্ধানহীন ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসো।

চক্ৰ বিষয়াজনে দুৰ্ঘটনাগ্ৰস্ত নাওখনেৰে চৰাঞ্চল পৰিদৰ্শন কৰিবলৈ গৈছিল।

কিন্তু দুৰ্ঘটনাৰ পিছত তেওঁৰ কোনো সন্ধান উলিয়াব পৰা হোৱা নাই।

নাও দুৰ্ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।