ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে এজন কিশোৰ গুৰুতৰভাৱে আহত হয়।
গৌৰীপুৰ আৰক্ষী থানাৰ অধীনস্থ তাৰঘাট বালাদামৰা অঞ্চলৰ সমীপৱৰ্তী ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। আলমগঞ্জৰ পৰা গৌৰীপুৰলৈ গৈ থকা অৱস্থাত বাইকখনত ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন মালবাহী গাড়ীয়ে খুন্দা মাৰে।
এই সংঘৰ্ষৰ ফলত লখিম সৰকাৰ নামৰ বাইক আৰোহীজনৰ থিতাতে মৃ্ত্যু ঘটাৰ বিপৰীতে সংকটজনক অৱস্থাত আলবি সৰকাৰ নামৰ কিশোৰজনক বঙাইগাঁৱৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। দুয়োজনেই আলমগঞ্জৰ ডামপুৰ গাঁৱৰ বাসিন্দা বৰেক সৰকাৰৰ পুত্ৰ।
ইফালে এই দুৰ্ঘটনাৰ পিছতে ট্ৰাকখন এৰি পলায়ন কৰে চালকজনে। ইয়াৰ মাজতে গৌৰীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে।