ধুবুৰীত চোকা অস্ত্ৰৰে আক্ৰমণ সাংবাদিক অৰুণ কুমাৰ পালক

61

নিশা ধুবুৰীৰ গৌৰীপুৰত দৈনিক অসমৰ সাংবাদিক অৰুণ কুমাৰ পালক দুৰ্বৃত্তৰ আক্ৰমণ। নিজা কৰ্তব্যৰ পৰা ঘৰলৈ ওভতাৰ পথত সাংবাদিকগৰাকীক আক্ৰমণ কৰে এজন যুৱকে। পিছত জানিব পৰা মতে, যুৱকজন অসম আৰক্ষীত কৰ্মৰত হৈ আছে। অভিযুক্ত যুৱকজনৰ নাম সুব্ৰত সৰকাৰ ওৰফে বাপ্পি সৰকাৰ আৰু গোৱালপাৰাত কৰ্মৰত।

উল্লেখযোগ্য যে ৰাজপথত আক্ৰমণৰ পিছত সাংবাদিকজনে কোনোমতে প্ৰাণ ৰক্ষা কৰি ঘৰত প্ৰৱেশ কৰে। তাৰ পিছতো দুৰ্বৃত্তটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে মূৰত আৰু শৰীৰত আঘাত কৰে সাংবাদিকগৰাকীক।

সাংবাদিকগৰাকীক স্থানীয় ৰাইজে গৌৰীপুৰত স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰে যদিও উন্নত চিকিৎসাৰ বাবে আজি পুনৰ ধুবুৰী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে।