ধুবুৰী জিলাৰ তামাৰহাটত শনিবাৰে পুৱা সংঘটিত পথ দুৰ্ঘটনাত ৬ গৰাকী স্কুলীয়া ছাত্ৰী গুৰুতৰভাৱে আহত হয়।
তথ্য অনুসৰি ই-ৰিক্সাত নিজৰ বিদ্যালয় অভিমুখে গৈ থকা অৱস্থাত এখন দ্ৰুতবেগী বাইকেৰে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।
আনহাতে বাইকাৰজন কোনো ক্ষতি নোহোৱাৰ বিপৰীতে ই-ৰিক্সাখন পথত বাগৰি পৰাৰ ফলত বিদ্যালয়ৰ ছাত্ৰীকেইগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ঘটনাৰ পিছতে আটাইকেইজন আহতক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
