নগাঁও জিলাৰ ধিঙৰ বৰভেঁটিত মঙলবাৰে পুৱা এটা মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃতদেহটো ধূপগুৰিৰ পথাৰৰ ছাইদুল ইছলামৰ বুলি চিনাক্ত কৰা হৈছে।
শৰীৰৰ কেইবাটাও স্থানত আঘাতৰ চিন স্পষ্ট হৈ থকা মৃতদেহটো হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ইফালে ছাইদুলৰ পত্নীয়ে লীজত লোৱা পুখুৰীৰ ধনৰ বাবে হিফজুৰ নামৰ ব্যক্তিজনে ছাইদুলক হত্যা কৰাৰ অভিযোগ তুলিছে।
পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।
