ধিং কাণ্ডৰ দুই পলাতক অভিযুক্তক আটক

60

নগাঁৱৰ ধিঙৰ ধৰ্ষণ কাণ্ডক পলাতক দুই অভিযুক্ত গোলাপ উদ্দিন আৰু ফৰিদুল ইছলামক নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত হাজিৰ কৰোৱালে সংখ্যালঘু সংগঠনৰ নেতাই ।

ডিমাপুৰ আৰু মৰিগাঁৱত আত্মগোপন কৰি আছিল দুই অভিযুক্ত।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দুইজনকে নগাঁও আৰক্ষীক চমজাই দিয়ে ।

দুয়োকে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

গোলাপ উদ্দিনক মৰিগাঁৱৰ পৰা আৰু ফৰিদুল ইছলামক ডিমাপুৰৰ পৰা লৈ আনি নগাঁও আৰক্ষীক চমজাই দিয়ে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দুই অভিযুক্তৰ পৰিয়ালৰ সহযোগত।

২২ আগষ্টত ধিঙৰ বৰভেটিত সংঘটিত হৈছিল ধৰ্ষণকাণ্ড ।