ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান

211

ধিং আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফল অভিযান ।আটক কৰিলে একে দিনাই দুটাকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক ।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে লালিপথাৰৰ মিৰাজ আলি আৰু টুকটুকিৰ ৰফিকুল ইছলাম (নাপিট) ।

আটকাধীন ৰফিকুল ইছলামে নাপিটৰ কাম কৰি সংগুপনে ড্ৰাগছৰ বেহা চলাই আহিছিল দীৰ্ঘদিন ধৰি ।

স্থানীয় ৰাইজৰ মূৰৰ কামোৰণি হৈ পৰা ৰফিকুলৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ আছিল বহু অভিযোগ ।অভিযোগৰ ভিত্তিত তিনিবাৰ অভিযানৰ পিছত ধিং আৰক্ষী আৰু আহোম গাওঁ আৰক্ষী পহৰা চকীৰ যুতীয়া অভিযানত আটক কৰিবলৈ সক্ষম হয় নাপিট ৰূপী কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰফিকুল ইছলামক ।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা এটা চাবোনৰ বাকচৰ পৰা ৪০.৭৭ গ্ৰাম হিৰ’ইন আৰু ৬টাকৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয় ধিং আৰক্ষী আৰু আহোম গাওঁ আৰক্ষী পহৰা চকীৰ প্ৰশাসনে ।

বৰ্তমানে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ লগত জড়িত মাষ্টাৰ মাইণ্ডৰ অনুসন্ধানত আৰক্ষী প্ৰশাসনে জেৰা অব্যাহত ৰাখিছে ৰফিকুল আৰু মিৰাজ আলিৰ ওপৰত ।