অবিৰত বৰষুণৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পোৱাৰ পিছতে পুনৰ ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি। ৰাজ্যৰ চিৰাং আৰু বঙাইগাঁও জিলাৰ বিস্তৃত অঞ্চল পুনৰ প্লাৱিত হৈ পৰে।
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্য ভূটানে কুৰিচু বান্ধৰ অতিৰিক্ত পানী এৰি দিব বুলি বান সতৰ্কতা জাৰি কৰিছিল।
অসম চৰকাৰে জিলা প্ৰশাসনক সতৰ্ক কৰি দিয়ে যে বেকী আৰু মানস নদী বিপদ চিহ্নৰ ওপৰেৰে বৈ আছে।
“ভূটানৰ চৰকাৰে আমাক জনাইছে যে আজি ৰাতি কুৰিচু বান্ধৰ পৰা অতিৰিক্ত পানী এৰি দিয়া হ’ব। আমি আমাৰ জিলা প্ৰশাসনক সতৰ্ক হৈ থাকিবলৈ আৰু বেকী আৰু মানস নদীয়ে বিপদৰ চিন ভংগ হ’লে সকলো প্ৰকাৰে মানুহক সহায় কৰিবলৈ সতৰ্ক কৰি দিছো।” -মুখ্যমন্ত্ৰী শৰ্মাই টুইট কৰি অৱগত কৰে।
