ধাৰাসাৰ বৰষুণৰ ফলত নিহত ২২জন

75

বিগত কেইদিনমানৰ পৰা ত্ৰিপুৰাত অব্যাহত আছে ধাৰাসাৰ বৰষুণ। বৰষুণৰ ফলত কমেও ২২জন লোক নিহত হোৱাৰ উপৰিও আন দুজন সন্ধানহীন হৈ আছে। বিষয়াসকলে দিয়া তথ্য অনুসৰি ধাৰাসাৰ বৰষুণৰ ফলত তেওঁলোকৰ ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে ৬৫,৪০০ৰো অধিক লোকে ৪৫০টা সাহায্য শিবিৰত আশ্ৰয় লৈছে।২,০৩২টা স্থানৰ পৰা ভূমিস্খলনৰ খবৰ পোৱা গৈছে। যাৰ ভিতৰত ১,৭৮৯খন আন ঠাই পৰিষ্কাৰ কৰা হৈছে। অন্য ঠাইত উদ্ধাৰৰ কাম চলি আছে।অসম ৰাইফলছে কৈছে যে ৰাজ্যজুৰি ৭৫০গৰাকীতকৈও অধিক লোকক স্থানান্তৰ কৰা হৈছে। তেওঁলোকে কোৱা অনুসৰি অসম ৰাইফলছৰ মহিলা ৰাইফলসকলে ত্ৰিপুৰাত উদ্ধাৰ আৰু সাহায্য অভিযানৰ নেতৃত্ব দিছে।