ধনশিৰি মহকুমাৰ চুঙাজানত ৰে’লে মহতিয়াই নিলে মালবাহী মিনি বাহন ৷ ক্ষোভিত জনতাৰ ৰে’লপথ অৱৰোধ ৷ধনশিৰি মহকুমাৰ চুঙাজানত ক্ষোভিত জনতাৰ সোমবাৰে ৰে’লপথ অৱৰোধ । উল্লেখ্য যে চুঙাজানৰ উন্মুক্ত ৰে’ল পথ অতিক্ৰম কৰোতে উজনিমুৱা ৰেলে মহতিয়াই নিয়ে এখন মালবাহী মিনি বাহন । দূৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে ASO5 AC 3588 । দুৰ্ঘটনাটোত কোনোলোকৰ হানি-বিঘিনি হোৱা নাই যদিও সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় বাহন খন । লেভেল ক্ৰছিং নথকাৰ ফলত প্ৰতি বছৰে চুঙাজানত এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে । যাৰ ফলত চুঙাজানবাসী ৰাইজ দল-সংগঠন ওলাই আহি ৰেল পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়া, ধনশিৰি মহকুমা প্ৰশাসনৰ বিষয়-ববীয়া ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদী ৰাইজৰ লগত আলোচনাত মিলিত হয় । স্থানীয় ৰাইজ দল-সংগঠনে ৰেল বিভাগৰ উদ্ধতম কৰ্তৃপক্ষক অৱগত কৰি অতি শীঘ্ৰে চুঙাজানত লেভেল ক্ৰছিং দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই । ৰেল বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু ধনশিৰি মহকুমা প্ৰশাসনে আশ্বাস প্ৰদান কৰাত অৱৰোধ কায্যসূচী পৰিহাৰ কৰে ।

