দৰিদ্ৰ লোকৰ বাবে গুৱাহাটীৰ লায়ন্স ক্লাৱত ‘লায়ন্স আহাৰ”শীৰ্ষক কাৰ্যসূচী

75

ষ্টাফৰিপ’ৰ্টাৰ, স্বেচ্ছাসেৱী সংস্থা লায়ন্স ক্লাৱ গুৱাহাটীয়ে দৰিদ্ৰ লোকসকলৰ বাবে ‘লায়ন্স আহাৰ” শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰিছে। উক্ত কাৰ্যসূচী অনুসৰি মঙলবাৰে এবিচি জি এছ ৰোড, ভূটনাথ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ অঘৰী লোকসকলৰ মাজত আহাৰ বিতৰণ কৰা হয়। লায়ন্স আহাৰ শীৰ্ষক কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰে গুৱাহাটী লায়ন্স কিশোৰ চাবুৱে। এই সন্দৰ্ভত তেওঁ কয়”-লকডাউনৰ সময়ছোৱাত যাতে কোনোৱে খাদ্যৰ অভাৱত ভূগিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী হাতত লোৱা হৈছে। লায়ন অজয় পড্ডাৰ আৰু লায়ন কাঞ্চন পড্ডাৰৰ উদ্যোগত এই কাৰ্যসূচী হাতত লোৱা হৈছে। এই সন্দৰ্ভত অজয় পড্ডাৰে কয়”-দুখন বাহনত আজি ৪০০ লোকৰ মাজত অহাৰ আৰু বিশুদ্ধ খোৱা পানী বিতৰণ কৰা হয়। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এই কাৰ্যসূচী অব্যাহত থাকিব। লায়ন্স ক্লাৱ গুৱাহাটীৰ প্ৰাক্তন অধ্যক্ষ সুনীল আগৰৱালে উক্ত কাৰ্যসূচীত উপস্থিত থাকি শলাগ লয়।