দৰঙত মৃত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন তীব্ৰ লোকচানত গাহৰি পালক

96

দৰংঃ দৰং জিলাৰ অকলিবাৰী গাঁৱত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফ্লু ধৰাৰ পিছতে আতংকিত হৈ পৰিছে অঞ্চলবাসী। প্ৰশাসনৰ লোকে অঞ্চলটোৰ গাহৰি পালকৰ পৰা শ শ গাহৰি আন হত্যা কৰি পুতি পেলোৱাৰ অভিযানত নামি পৰিছে। যাৰ বাবে এতিয়া তীব্ৰ আৰ্থিক লোকচানৰো সন্মুখীন হবলগা হৈছে অকলিবাৰী, বাহজানী আৰু বৰমপুৰ অঞ্চলৰ বহু গাহৰি পালক।

জানিব পৰা মতে, বিগত তিনিমাহত অকলিবাৰী গাঁৱৰ গাহৰি পালক তীৰ্থ বড়োৰ শতাধিক গাহৰিৰ আকস্মিক মৃত্যু ঘটিছিল। গাহৰিৰ মৃত্যু সন্দৰ্ভত জিলা পশু চিকিৎসালয়ক অৱগত কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। কিন্তু পৰৱৰ্তী সময়ত সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাত দৰং জিলা পশু চিকিৎসালয়ৰ তৎপৰতাত গুৱাহাটীৰ পৰা এটা পশু চিকিৎসকৰ দল জুন মাহত উপস্থিত হৈ তীৰ্থ বড়োৰ ঘৰৰ পৰা মৃত গাহৰিৰ তেজ আৰু অংগ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

NERDDL Animal health centreৰ পৰীক্ষাগাৰত মৃত গাহৰিৰ তেজ আৰু অংগ পৰীক্ষাত গাহৰিসমূহৰ মৃত্যু আফ্ৰিকান ছোৱাইন ফ্লুৰ বাবে হোৱা বুলি প্ৰকাশ কৰে চিকিৎসকে। তাৰ পিছতে অকলিবাৰী গাঁৱৰ লগতে সমীপৱৰ্তী বাহজানী, বৰমপুৰ গাঁৱক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি এই স্থানৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গাহৰিৰ বিক্ৰী আৰু ক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰে প্ৰশাসনে। অঞ্চলটোৰ গাহৰি পালকসকলে আগন্তুক ৩ মাহ পৰ্যন্ত গাহৰি পুহিব নোৱাৰিব বুলিও নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।

ইফালে গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফ্লু ধৰা পৰাৰ পিছত অকলিবাৰী অঞ্চলৰ ১ কিলোমিটাৰ্ ব্যসাৰ্ধৰ ভিতৰৰ সকলো গাহৰি উঠাই আনি প্ৰশাসনে মাৰি পেলোৱাৰ ব্যৱস্থা কৰিছে যাতে সংক্ৰমণ বৃদ্ধি নহয়। এনে পৰিপ্ৰেক্ষিতত তীব্ৰ লোকচানৰ আশংকাত বহু গাহৰি পালকে নিজৰ পোহনীয়া গাহৰিসমূহ লুকুৱাই ৰখাৰ চেষ্টা কৰিছে যদিও দৰং জিলা প্ৰশাসন আৰু আৰক্ষীয়ে এনে লুকুৱাই ৰখা গাহৰিৰ সন্ধানত অভিযান চলাই আছে।