দৰঙত পথ নিৰ্মাণত দুৰ্নীতি

317

দৰং জিলাৰ অভিভাবক মন্ত্রী চন্দ্র মোহন পাটোৱাৰী ছাৰ ওচৰত কাতৰ আহ্বান‌ স্থানীয় ৰাইজৰ।উল্লেখযোগ্য যে দৰং জিলাৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত দলগাঁও- শিয়ালমাৰীৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰ গাওঁ পঞ্চায়তৰ সভানেত্রীৰ ঘৰৰ সন্মুখৰ ৰাস্তা MGNREGA আচনিৰ “construction of cc block road from Abu Bakkar siddique house to PWD road via Azmat ali house at no. 1/2 Baruajhar” কামত বৃহৎ দূৰ্নীতি হোৱা ৰাইজৰ দৃষ্টি গোচৰ হৈছে।পথ একেবাৰে নিম্নমানৰ কাম কৰাৰ ফলত জহি খহি গৈছে। আৰু এই প্ৰধান ৰাস্তাটোৰে দৈনিক সৰ্বসাধাৰণ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলেও অহা যোৱা কৰে। কোনো মতে পথচাৰীসকলে বৰ ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে। একাংশ ঠিকাদা, , আমানুল হক, ছাইদুৰ ৰহমান, ৰাহুল আমিন উক্ত আঁচনিখনৰ কামত জৰিত হৈ আছে। তথা নেতা পালি নেতাই সম্পূৰ্ণ টকা আত্মহাত কৰি সৰ্বসাধাৰণ ৰাইজক এতিয়া বিপদ সংকুল পৰিস্থিতিত পেলাইছে। আৰু সেয়ে স্থানীয় ৰাইজে ইয়াৰ পথ পুনৰ নিৰ্মাণ কৰি দিবলৈ দৰং জিলাৰ অভিভাবক মন্ত্রী চন্দ্র মোহন পাটোৱাৰী ছাৰলৈ অনুৰোধ জনাইছে ।