নিষিদ্ধ ঘোষিত আলফাৰে সম্পৰ্ক থকাৰ অভিযোগত ওদালগুৰি আৰু কামৰূপ মহানগৰ জিলাত অভিযান চলাই দৰং জিলা আৰক্ষীয়ে আলোচনাপন্থী আলফাৰ নেতাসহ ৭জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন ক্ৰমে ছিপাঝাৰ থানাৰ অন্তৰ্গত কমাৰগাঁৱৰ খনিন্দ্ৰ কলিতা ওৰফে জ্যোতিষ (২৯), হিৰেণ কলিতা (৩৫), নাপ্তাপাৰা গাঁৱৰ ধৰ্মেন্দ্ৰ ডেকা (২৬), ওদালগুৰি জিলাৰ হৰিশিঙা থানা এলেকাৰ বৰঙ্গাবাৰীৰ বলেন ডেকা (৩৮) আৰু আমলাগুৰি গাঁৱৰ ধ্ৰুৱজ্যোতি বৈশ্য (৩৭) বুলি জানিব পৰা গৈছে। তদুপৰি দৰং জিলা আৰক্ষীয়ে মঙলদৈ কবিকাৰাৰ আলোচনাপন্থী আলফা সদস্য প্ৰসন্ন শইকীয়া ওৰফে প্ৰাণজিত চলিহা (৫৮) আৰু গুৱাহাটী পাণ্ডুৰ ৰে’লৱে কোৱাৰ্টাৰৰ আবাসী অসীম অধিকাৰী ওৰফে ৰাজ দত্ত (২৭) নামৰ আলোচনাপন্থী আলফা নেতা দুজনকো গ্ৰেপ্তাৰ কৰিছে।
দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই জানিবলৈ দিয়া মতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল খনিন্দ্ৰ কলিতা ওৰফে জ্যোতিষ, হিৰেণ কলিতা আৰু ধৰ্মেন্দ্ৰ ডেকা নামৰ লোক কেইজনক। ধৃত লোক কেইজনৰ মোবাইলৰ কল পৰীক্ষা কৰাত ম্যানমাৰস্থিত আলফা নেতাৰ সৈতে লোক কেইজনৰ যোগাযোগ থকাৰ তথ্যও লাভ কৰিছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
