দৰং জিলাৰ দলগাৱঁৰ মাজগাৱঁত বন বিভাগৰ অভিযান

168

দৰং জিলাৰ দলগাৱঁৰ মাজগাৱঁত বন বিভাগৰ অভিযান । অভিযানত জব্দ কাঠ ফলা মেচিনৰ লগতে বহু সা-সৰঞ্জাম । কাঠ মিলৰ মালিক আব্দুল কায়ুম পলাতক অৱস্থাত আছে।উল্লেখযোগ্য যে
দৰং জিলাৰ দলগাঁৱত বিভিন্ন এলেকাত অবৈধ ভাবে চলি আছে অনেক কাঠ ফলা মিল ৷ বন বিভাগেও সময়ে সময়ে অভিযান চলাই মিল সমুহ জব্দ কৰি আহিছে যদিও গোপনে চলিয়েই আছিল মিল সমূহ ৷দুই এটা মিলত অভিযান চলালেই বাকী মিল সমুহ ৰহস্যজনক ভাবে কেইদিনমান বন্ধ ৰাখি পুনৰ আৰম্ভ কৰে বুলি অভিযোগ উঠি আহিছে ৷ তাৰ মাজতে আজি বন বিভাগে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলায় দলগাওঁ ৷জানিব পৰা মতে অভিযানত এখন কাঠ ফলা মেচিন জব্দ কৰে ৷দৰং বন সংমণ্ডল প্ৰাধিকাৰী ছানী দে চৌধুৰীৰ নিৰ্দেশত মঙলদৈ খণ্ড বন বিভাগ আৰু দৈপাম আৰক্ষীৰ যুটীয়া অভিযানত দলগাঁওঁৰ বিভিন্ন ঠাইত অভিযান চলাই যদিও ১ নং মাজগাওঁ কাঠালতলীৰ পৰা অবৈধ ভাবে চলি থকা এটা কাঠ ফলা মিলৰ লগতে বিভিন্ন ধৰণৰ সা-সৰঞ্জাম জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে,কাঠ মিলৰ মালিক আব্দুল কায়ুমে অবৈধ ভাবে চলাই আহিছিল মিলটো৷ আজিৰ অভিযানক ৰাইজে প্ৰশংসা কৰাৰ লগতে বাকী অবৈধ মিল সমুহো বন্ধ কৰিবলৈ দাবী জনাইছে ৷