দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ, উপস্থিত থাকিল মোডী-শ্বাহ…

250

ডিজিটেল ডেস্কঃ সোমবাৰে দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ভূপেন্দ্ৰ পেটেলে। গান্ধীনগৰত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে। লগতে গুজৰাটৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত ২০০ জন সন্তৰ আশীৰ্বাদ লাভ কৰে।

বিগত ছেপ্টেম্বৰ মাহত বিজয় ৰূপানীৰ ঠাইত ভূপেন্দ্ৰ পেটেলক অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। ফলত ভূপেন্দ্ৰই গুজৰাটৰ ১৮ নং মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলেও প্ৰকৃততে তেওঁ গুজৰাটৰ ১৭ নং মুখ্যমন্ত্ৰী। আজিৰ দিনটোতে ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে ভূপেন্দ্ৰক শপত বাক্য পাঠ কৰোৱায়। সোমবাৰে ভূপেন্দ্ৰ পেটেলৰ মন্ত্ৰীসভাৰ ১৬গৰাকী মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰে। ইয়াৰে অধিকাংশই পূৰ্বৰ মন্ত্ৰীসভাত আছিল।

শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকে। ২০০ গৰাকী সাধুৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠানটো ৰঙীন হৈ পৰে। তদুপৰি দৰ্শকৰ মাজত বিভিন্ন পিছপৰা সম্প্ৰদায়ৰ প্ৰতিনিধিও আছিল। অ’বিচিৰ বাহিৰেও অনুসূচিত আৰু জনজাতীয় মহিলাৰ উপস্থিতি লক্ষণীয় আছিল। গেৰুৱা শিবিৰৰ পৰিসংখ্যা অনুসৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু তাৰ পিছৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত পিছপৰা জনগোষ্ঠীৰ ভোটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আজিৰ পৰাই গেৰুৱা শিবিৰে প্ৰস্তুতি আৰম্ভ কৰে।

৮ ডিচেম্বৰত গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পায়। পুৰণি অভিলেখ ভংগ কৰি বিজেপিয়ে ১৫৬খন আসন লাভ কৰে। কংগ্ৰেছে আসন হ্ৰাস কৰিছে। ১৭খন আসনত জয়লাভ কৰে। আনহাতে, আপে ৫ খন আসন লাভ কৰে গুজৰাটত। তাৰ পিছত ৯ ডিচেম্বৰত মন্ত্ৰীসভাৰ সৈতে ভূপেন্দ্ৰ পেটেলে পদত্যাগ কৰে। ইয়াৰ পিছত সোমবাৰৰ শপত গ্ৰহণ অনুষ্ঠান।

আনহাতে, দেশৰ নিৰ্বাচনী জৰীপৰ সৈতে জড়িত ‘এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ’ বা এডিআৰ নামৰ সংগঠনটোৱে প্ৰকাশ কৰিছে এই চাঞ্চল্যকৰ প্ৰতিবেদন। গুজৰাটত নৱনিৰ্বাচিত ৪০ জন বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলি আছে বুলি জানিবলৈ দিয়ে।