কামৰূপ (গ্ৰাম্য) জিলা প্ৰশাসনে দেৱালী উপলক্ষে শুক্ৰবাৰে (৫ নৱেম্বৰ) স্থানীয় বন্ধ ঘোষণা কৰিছে। প্ৰশাসনে জাৰি কৰা এক জাননীত এই কথা জানিবলৈ দিয়ে।
শুকুৰবাৰে কামৰূপ জিলাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয়, বিত্তীয় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান বন্ধ থাকিব।
অৱশ্যে, জিলাখনৰ যিকোনো পৰীক্ষা কৰ্তব্য বা অন্যান্য অত্যাৱশ্যকীয় সেৱা পৰিচালনাৰ সৈতে জড়িত বিষয়া/কৰ্মচাৰী/শিক্ষকসকলক এই স্থানীয় বন্ধৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে।
