দেৱালীৰ সময়তে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ…

485

আগন্তুক ২৪ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ ৰাজ্যত উৎসৱৰ উছাহ ম্লান পেলাই ধাৰাসাৰ বৰষুণৰ আগজাননী ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰই সম্ভাৱনা ব্যক্ত কৰা মতে, ২৪ অক্টোবৰৰ পৰা ৰাজ্যৰ ঠায়ে ঠায়ে ধাৰাসাৰ বৰষুণ হোৱাৰ লগতে বজ্ৰপাতো পৰিব পাৰে।

এই সময়ছোৱাত মহানগৰীৰো আকাশ হৈ থাকিব ডাৱৰীয়া।

উল্লেখ্য যে, হিন্দু ধৰ্মাৱলম্বী সকলৰ উৎসৱ কালী পূজা আৰু দেৱালীক লৈ সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে।

ইতিমধ্যে ৰং বৰঙৰ লাইট, ফটকা-ফুলজাৰিৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ।

এনে সময়ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননীয়ে নিঃসন্দেহে উৎসৱৰ উছাহ ম্লান কৰাৰ সম্ভাৱনাই দেখা দিছে।