দেশৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকা প্ৰকাশ, চাওক কোন স্থানত আছে অসমৰ হিমন্ত বিশ্ব শৰ্মা

293

দেশৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী সকলৰ তালিকাত শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। “ইণ্ডিয়া টুডে”ৰ এক সমীক্ষা অনুসৰি দেশৰ শীৰ্ষ ১০ গৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ ষষ্ঠ স্থান দখল কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই তালিকাৰ প্ৰথম স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। আনহাতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ওড়িষাৰ মুখ্যমন্ত্রী নবীন পাটনায়ক আৰু কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায় বিজয়ন৷

সেইদৰে তালিকাৰ চতুৰ্থ স্থান দখল কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আৰু পঞ্চম স্থান দখল কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। লক্ষণীয়ভাৱে ইণ্ডিয়া টুডেয়ে প্ৰকাশ কৰা জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত মাত্ৰ দুগৰাকী বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীয়েহে স্থান লাভ কৰিছে।

আনহাতে কোৰোনা প্ৰতিৰোধৰ ক্ষেত্ৰত লাভ কৰা সফলতাত দেশৰ ভিতৰতে দ্বিতীয় স্থান লাক কৰিছে অসমে। এই তালিকাৰ শীৰ্ষত আছে ওড়িশা।