দেশৰ আৰ্থিক সংকটৰ সময়ত কিয় লাগে নতুন সংসদ ভৱন: কামাল হাছান

65

ডিজিটেল ডেস্ক : অভিনেতা কমল হাছানে তামিলনাডুৰ এক নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰে । এমএনএম দলৰ নেতা গৰাকীয়ে তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ কেইঘণ্টা মান আগতে মোদীক সমালোচনা কৰে। হাচানে প্ৰধান মন্ত্ৰীক নতুন সংসদ গৃহৰ আধাৰ শিলা স্থাপনক লৈ তীক্ষ্ণ সমালোচনা কৰে।

দেশখন অসুবিধাৰ মাজেৰে চলি থাকোঁতে এনে বিশাল বিত্তীয় খৰচৰ প্ৰয়োজনীয়তা কি সেই বিষয়ে প্ৰশ্ন কৰে অভিনেতা গৰাকীয়ে। এমএনএমৰ প্ৰতিষ্ঠাপকজনে দেওবাৰে প্ৰশ্ন কৰে যে দেশখন কৰুণ অপৰাধৰ সন্মুখীন হৈ থকা সময়ত এনে বিশাল বিত্তীয় কামৰ অৰ্থ কি ?

হাচানে শনিবাৰে টুইট যোগে কয় যে “কোৰোনা ভাইৰাছৰ বাবে, যেতিয়া দেশৰ আধা জনসংখ্যা ভোকাতুৰ হৈ আছে, বহু মানুহে জীৱিকা হেৰুৱাইছে, কিয় এহেজাৰ কোটি টকাৰ নতুন সংসদ? যেতিয়া চীনৰ মহান দেৱল নিৰ্মাণ কৰা হৈছিল, সহস্ৰাধিক লোক নিহত হৈছিল, সেই সময়ত শাসকসকলে কৈছিল যে এয়া হৈছে জনসাধাৰণক সুৰক্ষিত কৰা। আপুনি কাৰ প্ৰতিৰক্ষাৰ বাবে এহেজাৰ কোটি টকাৰ সংসদ ভৱন নিৰ্মান কৰি আছে? অনুগ্ৰহ কৰি জনসাধৰনক উত্তৰ দিয়ক।