দেশদ্ৰোহী আৰু আৰক্ষী-নিৰাপত্তাৰক্ষীৰ ওপৰত শিলাক্ৰমণ কৰাসকলে নাপাব চৰকাৰী চাকৰি আৰু পাছপ’ৰ্ট

142

ডিজিটেল ডেস্কঃ সন্ত্ৰাসবাদীৰ ঘাটী হিচাপে পৰিচিত জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু দেশবিৰোধী কাৰ্যকলাপ ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কাশ্মীৰ চিআইডিৰ বিশেষ শাখাই। দেশ বিৰোধী শক্তিৰ ওপৰত নাকী লগোৱাৰ উদ্দেশ্যে দেশ বিৰোধী যিকোনো কাৰ্যকলাপৰে জড়িত ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা বঞ্চিত কৰা হব বুলি ঘোষণা কৰিছে চিআইডিয়ে।

কেন্দ্ৰীয় শাসিত প্ৰদেশ সকলৰ সকলো বিভাগলৈ জাননী জাৰি কৰি চিআইডিয়ে এই কথা স্পষ্ট কৰি দিয়ে যে দেশবিৰোধী শ্ল’গান প্ৰদান কৰা আৰু আৰক্ষী-নিৰাপত্তাৰক্ষীৰ ওপৰত শিলাক্ৰমণ কৰা লোকসকলক চৰকাৰী চাকৰিৰ পৰা বঞ্চিত কৰাই নহয়, পাছপ’ৰ্টৰ সেৱা সুবিধাও তেনে লোকক প্ৰদান কৰা নহয়।

উল্লেখ্য যে, জম্মু-কাশ্মীৰত প্ৰায়ে আৰক্ষী-নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। তদুপৰি প্ৰদেশখনৰ বিভিন্ন প্ৰান্তত দেশবিৰোধী শ্ল’গান দিও একাংশই উত্তেজনাৰ সৃষ্টি কৰি আহিছে। এনে পৰিস্থিতি নিয়ন্ত্ৰণৰ উদ্দেশ্যেই তেনে কাৰ্যৰ সৈতে জড়িত সকলক চিনাক্ত কৰি চৰকাৰী চাকৰি আৰু পাছপ’ৰ্টৰ সেৱা লাভৰ পৰা বঞ্চিত কৰাৰ ঘোষণা কৰিছে চিআইডিয়ে। চিআইডিয়ে লগতে এই কথাও উল্লেখ কৰে যে, ফটো, ভিডিঅ’, চিচিটিভি ফুটেজ আৰু সাক্ষ্যৰ জৰিয়তে তেনে লোকক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হব।