দেশত ভাৰতীয় নাগৰিকত্ব নিশ্চিত কৰাটো আমাৰ সাৰ্বভৌম অধিকাৰ: অমিত শ্বাহ

227

নাগৰিকত্ব সংশোধনী আইন (“কা”) ৰূপায়ণৰ পিছৰে পৰা, বিৰোধীয়ে ইয়াক বিভাজনকাৰী আইন বুলি অভিহিত কৰি আহিছে। বিৰোধী দলসমূহৰ দ্বাৰা গঠিত ‘ইণ্ডিয়া’ মিত্ৰজোঁটে কৈছে যে যদি তেওঁলোক ক্ষমতালৈ আহে, তেওঁলোকে “কা” বাতিল কৰিব। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে “কা”-ক সলনি কৰাটো অসম্ভৱ। এইটো এটা সাংবিধানিক আইন। তেওঁ এইটোও কয় যে “কা” কেতিয়াও প্ৰত্যাহাৰ কৰা নহ’ব। আমি ইয়াৰ সৈতে আপোচ নকৰো। সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত অমিত শ্বাহে কয়- “কা” কেতিয়াও প্ৰত্যাহাৰ কৰা নহ’ব। আমাৰ দেশত ভাৰতীয় নাগৰিকত্ব নিশ্চিত কৰাটো আমাৰ সাৰ্বভৌম অধিকাৰ, আমি কেতিয়াও ইয়াৰ সৈতে আপোচ নকৰো। বিৰোধীৰ কোনো কাম নাই, তেওঁলোকে এতিয়ালৈকে যি কৈছে সেয়া পূৰণ কৰা নাই। আমাৰ চৰকাৰে যি কয়, সেয়া পূৰণ কৰে।সাক্ষাৎকাৰৰ সময়ত, যেতিয়া তেওঁক প্ৰশ্ন কৰা হৈছিল যে বিৰোধী নেতাসকলে কৈছে যে যদি ২০২৪ চনত “ইণ্ডিয়া” মিত্ৰজোঁটৰ চৰকাৰ গঠন হয়, তেওঁলোকে “কা” প্ৰত্যাহাৰ কৰিব। এই সন্দৰ্ভত অমিত শ্বাহে কয়, ‘তেওঁলোকে জানে যে “ইণ্ডিয়া” মিত্ৰজোঁট ক্ষমতালৈ নাহে। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত বিজেপি চৰকাৰে “কা” আনিছে। “কা” বাতিল কৰাটো অসম্ভৱ। ই এক সম্পূৰ্ণ সাংবিধানিকভাৱে বৈধ আইন।” তেওঁ কয় যে উচ্চতম ন্যায়ালয়ে এই আইন স্থগিত কৰা নাই। গৃহমন্ত্ৰীয়ে এইটোও স্পষ্ট কৰে যে এন আৰ চিৰ সৈতে “কা” ৰ কোনো সম্পৰ্ক নাই। অসমৰ লগতে, দেশৰ বাকী অংশতো “কা” কাৰ্যকৰী কৰা হ’ব। “কা” কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ সেই অঞ্চলবোৰত প্ৰযোজ্য নহ’ব য’ত দুটা প্ৰকাৰৰ বিশেষ অধিকাৰ দিয়া হৈছে। ইয়াৰ ভিতৰত আছে ইনাৰ লাইন পাৰ্মিট (আইএলপি)ৰ ব্যৱস্থা থকা ক্ষেত্ৰসমূহ আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত বিশেষ মৰ্যাদা দিয়া ক্ষেত্ৰসমূহ।