দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণ, বাঢ়িছে মৃত্যুৰ সংখ্যাও

89

ডিজিটেল ডেস্কঃ দেশত আকৌ বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। দেৱালীৰ প্ৰাকমুহূৰ্তত দেশত কোভিডৰ সংক্ৰমণ আৰু বৰ্ধিত মৃত্যুৰ সংখ্যাই উদ্বেগ সৃষ্টি কৰিছে পুনৰ এবাৰ। আনহাতে, কোৰোনাৰ নতুন প্ৰজাতি এৱাই.৪.২ৰ সংক্ৰমনেও সৃষ্টি কৰিছে ভয়াবহতাৰ। ইন্দোৰ, কৰ্ণাটকৰ পিছত আন তিনিখন ৰাজ্যত ইতিমধ্যে এই ভেৰিয়েন্টৰ সংক্ৰমণ ধৰা পৰিছে। দেশত দৈনিক কোৰোনা সংক্ৰমণ এদিনত ২০ শতাংশ বৃদ্ধি পাইছে।

বৃহস্পতিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ১৬,৫৬ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। দেশত কোৰোনা পীড়িতৰ মুঠ সংখ্যা হৈছে ৩৪.২ ৩১ লাখ ৮০৯ জন। কোভিডৰ মৃত্যুও পুনৰ বৃদ্ধি পাইছে। বুধবাৰৰ পৰা জঁপিয়াই মৃত্যুৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। দেশত যোৱা ২৪ ঘণ্টাত ৭৩৩ জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে, দেশখনত ৪৫৬,৩৮৬ জন লোক কোৰোনাত নিহত হৈছে। ইফালে যোৱা ২৪ ঘণ্টাত ১৭,০৯৫ জন লোক আৰোগ্য হৈছে।

যোৱা কেইদিনমানৰ পৰা দেশৰ কোভিড গ্ৰাফ হ্ৰাস পাইছে। গতিকে সক্ৰিয় কোভিড ৰোগীৰ সংখ্যাও যথেষ্ট হ্ৰাস পাইছে। অৱশ্যে, কৰোনা সংক্ৰমণ বৃদ্ধি হোৱাৰ বাবে আকৌ এবাৰ উদ্বেগ বৃদ্ধি পাইছে। আশাৰ একমাত্ৰ পোহৰ হৈছে সক্ৰিয় কৰোনা পীড়িতৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদনৰ ওপৰত আধাৰিত কৰি, সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা এতিয়া ০.৪৭ শতাংশলৈ হ্ৰাস পাইছে।