দেশত পুনৰ বৃদ্ধি কোভিড সংক্ৰমণ

73

ভাৰতত কোৰোনা সংক্ৰমণৰ ঘটনা পুনৰ এবাৰ বৃদ্ধি পাইছে। অক্টোবৰৰ প্ৰথম দিনটোত নতুন কোভিড সংক্ৰমণৰ হাৰে পুনৰ এবাৰ আতংকিত কৰি তুলিছে দেশবাসীক। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ২৬,৭২৭ জন নতুন সংক্ৰমিত ৰোগী পোৱা গৈছে। ইফালে, ২৮,২৪৬ জন লোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। এই সময়ছোৱাত ২৭৭ জন লোকৰ মৃত্যু ঘটে।

ইয়াৰ আগতে, ছেপ্টেম্বৰৰ শেষ সপ্তাহত, সংক্ৰমণৰ নতুন ঘটনা ২০,০০০ তকৈও কম হৈছিল। কেৰালাত দৈনিক কোৰোনাৰ ঘটনা পুনৰ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। ৰাজ্যখনত কোৰোনা সংক্ৰমণৰ ঘটনা হ্ৰাস হোৱা নাই।

বৃহস্পতিবাৰে কেৰালাত ১৫,০০০ ৰো অধিক নতুন সংক্ৰমণ ধৰা পৰিছে। আনহাতে মৃত্যু ঘটিছে ১২২ জন লোকৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে বৃহস্পতিবাৰে কয় যে যোৱা সপ্তাহত পঞ্জীয়ন কৰা মুঠ গোচৰৰ ভিতৰত, পঞ্জীয়ন কৰা গোচৰৰ ৫৫ ৰ পৰা ৬০ শতাংশৰো অধিক কেৱল কেৰালাত পঞ্জীয়ন কৰা হৈছে। আনহাতে, ৪০ শতাংশ কৰোনা ৰোগী মহাৰাষ্ট্ৰকে ধৰি আন ৰাজ্যৰ পৰা আহিছে।