দেশত পুনৰ এবাৰ বৃদ্ধি পাইছে মহামাৰী কোৰোনাৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত পুনৰ ৪৭,০৯২ জন লোক নতুনকৈ পজিটিভ ধৰাৰ বিপৰীতে এই সময়ছোৱাত মৃত্যু ঘটে ৫০৯ জনৰ। ইফালে বিগত এটা দিনত ভাৰতত ৩৫,১৮১ জন লোকে কোভিডক পৰাভূত কৰি সুস্থ হৈ উঠে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত এটা সপ্তাহৰ ভিতৰত কোভিড পজিটিভৰ হাৰ বুধবাৰৰ দিনটোত সৰ্বাধিক বৃদ্ধি পাইছে। বিশেষকৈ কেৰালা আৰু মহাৰাষ্ট্ৰত পুনৰ এবাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ।
উল্লেখ্য যে, ছেপ্তেম্বৰ মাহত কোৰোনাৰ তৃতীয় ঢৌ অধিক ভয়াবহ হৈ পৰিব বুলি ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে চিকিৎসা বিশেষজ্ঞসকলে। এনে সময়ছোৱাত শিশু সকল কোৰোনাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা সৰ্বাধিক বুলিও আশংকা কৰিছে বিশেষজ্ঞসকলে।
