দেশত পুনৰ কোৰোনাৰ ভয়াবহতাঃ বিগত ২৪ঘণ্টাত ৯৩০ জনৰ মৃত্যু

71
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

ভাৰতত কোৰোনা ভাইৰাছৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে। বিগত এটা সপ্তাহৰ ভিতৰত মঙলবাৰৰ দিনটোত ভাৰতত সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হয়। স্বাস্থ্য বিভাগে সদৰী কৰা তথ্যানুসাৰে বিগত ২৪ ঘণ্টাত দেশত পুনৰ ৪৩ হাজাৰ ৭৩৩জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে এই সময়ছোৱাত পুনৰ ৯৩০ জন কোভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে।

উল্লেখ্য যে, মঙলবাৰৰ দিনটোৰ সৈতে ভাৰতত বৰ্তমানলৈকে ৩ কোটি ৬ লাখ ৬৩ হাজাৰ ৬৬৫জন কোভিড ১৯ত আক্ৰান্ত হৈছে। আনহাতে মৃত্যু ঘটা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৪ লাখ ৪ হাজাৰ ২১১জনলৈ। এতিয়ালৈ ৩৬,১৩,২৩,৫৪৮জন লোকক কোৰোণাৰ ভেকচিন প্ৰদান কৰা হৈছে।