দেশত পুনৰ কোভিড আক্ৰান্ত হৈ ৪০০০ জনৰ মৃত্যু

79

দেশত এতিয়া ভয়ানক কোভিড পৰিস্থিতি। হাস্পতালত বিচনাৰ অভাৱ, অক্সিজেনৰ অভাৱে প্ৰতিদিনে প্ৰাণ কাঢ়িছে হাজাৰ হাজাৰ জনৰ। বিগত ২৪ ঘণ্টাত দেশত পুনৰ ৩,৪৩,১৪৪ জন কোৰোনাৰ গ্ৰাসত পৰিছে। এই সময়ছোৱাত কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৪০০০ জন ৰোগীৰ।

এদিনতে দেশত কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে ৩,৪৪,৭৭৬ জনে। দেশত সৰ্বমুঠ কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ২,৪০,৪৬,৮০৯ জনলৈ। কোভিডত আক্ৰান্ত হৈ সৰ্বমুঠ মৃত্যু হয় ২,৬২,৩১৭ জন। দেশত বৰ্তমানলৈ ১৭,৯২,৯৮,৫৮৪ জন লোকক কোভিড ভেকচিন প্ৰদান কৰা হোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰিছে।