দেশত পুনৰ কোভিডৰ সংক্ৰমণ বৃদ্ধি…

76

দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ হাৰ। মঙ্গলবাৰৰ তুলনাত বুধবাৰে ভাৰতত ১২ হাজাৰতকৈও অধিক লোক এই মহামাৰীত আক্ৰান্ত হৈছে। যাৰ ফলত এতিয়া সাধাৰণ জনতাৰ লগতে চৰকাৰৰো উদ্বেগ বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত দেশত ৩৭,৫৯৩ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত মৃত্যু ঘটিছে ৬৪৮ জনৰ।ইফালে, ৩৪,১৬৯ জন ৰোগী আৰোগ্য হৈ ঘৰলৈ উভতি আহিছে যোৱা এটা দিনত। দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩,২২,৩২৭ জন। দেশত মুঠ মৃত্যুৰ সংখ্যাৰ বিষয়ে ক’বলৈ গ’লে, এই সংখ্যা ৪,৩৫,৭৫৮ জনলৈ বৃদ্ধি পাইছে।