দেশত কোভিড সংক্ৰমণৰ সংখ্যা ৭৩,৭০,৪৬৮ জনলৈ বৃদ্ধি

64

ডিজিটেল ডেস্কঃ যোৱা ২৪ ঘণ্টাত ভাৰতত কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ৬৩,৩৭১ জন। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ৮৯৫ জন লোকৰ মৃত্যু ঘটিছে কোভিড আক্ৰান্ত হৈ। আনহাতে এই সময়ছোৱাত ৭০,৩৩৮ জন লোক সুস্থ হৈ উঠিছে।

ইয়াৰ লগে লগে দেশত কোভিড আক্ৰান্তৰ মুঠ সংখ্যা হৈছেগৈ ৭৩,৭০,৪৬৮ জন। আনহাতে ইয়াৰে ৬৪,৫৩,৭৭৯ জন কোভিড আক্ৰান্ত ৰোগী বৰ্তমান সুস্থ হৈ উঠাৰ বিপৰীতে ৮,০৪,৫২৮ জনৰ চিকিৎসা চলি আছে। দেশত কোভিড সংক্ৰমণৰ ফলত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ১,১২,১৬১ জন।