দেশত ক্ৰমাগতভাৱে হ্ৰাস পাইছে কোভিড সংক্ৰমণ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যোৱা ২৪ ঘণ্টাত দেশত ২০,৭৯৯ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে আৰু এই সময়ছোৱাত ২৬,৭১৮ জনে আৰোগ্য লাভ কৰিছে। এই সময়ত দেশত কোভিডৰ ফলত মৃত্যু ঘটে ১৮০ জন লোকৰ। উল্লেখ্য যে, দেওবাৰৰ তুলনাত দেশত ৯ শতাংশ কোভিড সংক্ৰমণ হ্ৰাস পাইছে।
এই মুহূৰ্তত দেশত সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা হৈছে ২৬৪,৪৫৮ জন। মহামাৰীৰ আৰম্ভণিৰ পৰা ভাৰতত ৪৪৮,৯৯৭ জন লোকে কোভিডৰ ফলত প্ৰাণ হেৰুৱাইছে।
বিশেষজ্ঞসকলে কোৰোনাৰ পৰা পৰিত্ৰাণ পাবলৈ টিকাকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ পৰামৰ্শ দিছে। এতিয়ালৈকে, ৯০৭.৯৩ লাখ ৩২ হাজাৰ ৮৬১ জন লোকে কোভিড ভেকছিন লাভ কৰিছে। বিশেষজ্ঞসকলৰ মতে টিকাকৰণৰ জৰিয়তে কোৰোনাৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ। চৰকাৰে সাধাৰণ মানুহক কোভিড টিকাকৰণ কৰিবলৈ সতৰ্ক কৰি দিছে।