ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীত পুনৰ লকডাউন ঘোষণা কৰা হৈছে।
দেওবাৰে ৰাতি ১২ বজাৰ পৰা ১৪ দিনৰ বাবে (১২ জুলাইলৈকে) সম্পূৰ্ণ লকডাউন হ’ব গুৱাহাটী মহানগৰী। শুকুৰবাৰে এখন সংবাদমেল যোগে এই কথা সদৰী কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী গৰাকীয়ে লগতে কয় “
আজি সন্ধিয়া ৭বজাৰ পৰা পুৱা ৭বজালৈ সমগ্ৰ ৰাজ্যত কাৰ্ফিউ ঘোষণা কৰা হৈছে। সমগ্ৰ অসমত শনি আৰু দেওবাৰে দুদিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। প্ৰতিসপ্তাহতে শনিবাৰে আৰু দেওবাৰে গুৱাহাটীৰ বাহিৰৰ অন্যান্য টাউন আৰু পৌৰ সভা এলেকাত লকডাউন ঘোষণা কৰা হৈছে। গুৱাহাটীত হাস্পাতাল, ফাৰ্মাচীক বাদ দি সকলো বন্ধ থাকিব । গেলামালৰ দোকান, শাক-পাচলিৰ সকলো দোকান বন্ধ থাকিব | সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব । কম সংখ্যক মানুহৰে বেংক সেৱা চলিব | জৰুৰী আন্তগাথনিৰ নিৰ্মাণৰ কাম কাজ চলি থাকিব | অতি কঠোৰ হ’ব এইবাৰৰ লকডাউন |