দেওবাৰে পৃথক পৃথক অভিযানত কেইবা লক্ষাধিক টকামূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ ব্যৱসায়ী…

113

দেওবাৰে নিশা অসম আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন বেপাৰীক আটক কৰে।

নগাঁৱত ভকতগাঁও অঞ্চলৰ পৰা গ্ৰেপ্তাৰ হৈছে লাখ লাখ মূল্যৰ হেৰ’ইনসহ এজন বেপাৰী।

অভিযুক্ত বেপাৰীজনৰ নাম ছাদিক আলী।

সূত্ৰই জনোৱা মতে, হেৰ’ইনখিনি চাৰিটা চাবোনৰ বাকচত ভৰাই থোৱা আছিল যিবোৰ তেওঁ নিজৰ বাসগৃহত লুকুৱাই ৰাখিছিল।

আন এক ঘটনাত মুকালমুৱা আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত চলোৱা অভিযানৰ সময়ত দুজন ড্ৰাগছ বেপাৰীক আটক কৰে।

তথ্য অনুসৰি আৰক্ষীয়ে তেওঁলোকৰ হাতৰ পৰা ড্ৰাগছ ভৰ্তি ২৬টা কণ্টেইনাৰ, এখন মটৰ চাইকেল আৰু দুটা ম’বাইল জব্দ কৰে।

এই যুটিটোৰ নাম আহমেদ আলী আৰু নয়ন হাজৰিকা।

আৰক্ষীয়ে জনোৱা মতে, ধৃত যুটিটো অঞ্চলটোত ড্ৰাগছ বেপাৰৰ লগত জড়িত আছিল।