দুৰ্যোগ নামিছে কমলপুৰৰ হীৰা সম্প্ৰদায়লৈ! চিন্তা কৰিছে কোনে?

78

পৱন নীল কাশ্যপ, চাংসাৰীঃ কোভিড পৰিস্থিতিৰ বাবে ২০২০ বৰ্ষত চৰকাৰে ঘোষণা কৰা লকডাউনে বিধ্বস্ত কৰিছিল দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালসকলক। ঠেলা চালক, ৰিক্সা চালক, ড্ৰাইভাৰ, শাক পাচলি বিক্ৰেতাৰ দৰে সাধাৰণ মানুহৰ লগতে এটা সম্প্ৰদায় যোৱাটো লকডাউনত তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। সেই সম্প্ৰদায়টো হৈছে মাটিৰ বাচন বৰ্তন, মাটিৰ চাকি আদি নিৰ্মাণ কৰি কোনোমতে পেট প্ৰৱৰ্তোৱা অসমৰ স্বাভিমানী হীৰা সম্প্ৰদায়।

লাহে লাহে পৰিস্থিতি কিছু উন্নত হোৱাত পুনৰ বজাৰৰ বাবে এই সম্প্ৰদায়ৰ লোকসকল সাজু হোৱাৰ সময়তে পুনৰ সমগ্ৰ দেশত আতংকৰ সৃষ্টি কৰে কোৰোনা মহামাৰীয়ে। যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা এছঅ’পি বা কোভিড বিধিত পুনৰ স্তব্ধ হৈ পৰে তেওঁলোকৰ জনজীৱন।

চৰকাৰৰ নতুন এছঅপি অনুসৰি মৃৎ শিল্পৰ উদ্যোগ বন্ধ থকাত এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে হীৰা সম্প্ৰদায়ৰ লোকসকলৰ। কমলপুৰ সমষ্টিৰ অন্তৰ্গত চেপ্তি হাঠিয়ানা গাঁৱৰ হীৰা সম্প্ৰদায়ৰ লোকসকলৰো এতিয়া একেই অৱস্থা। মাটিৰ বাচন বৰ্তন বিক্ৰী কৰিয়েই পৰিয়াল পোহপাল দিয়া তথা সন্তানক ‘ডাঙৰ’ মানুহ কৰাৰ সপোন দেখা এই সকল লোকে এতিয়া চৰকাৰৰ নীতি নিয়মৰ মাজত আৱদ্ধ হৈ এসাজ ভাতৰ বাবে চিন্তা কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত মৃৎ শিল্পৰ জৰিয়তে জীৱন নিৰ্বাহ কৰা এনেসকল লোকৰ বিষয়ে চিন্তা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে সচেতন মহলে।