ধুহিবালা পঞ্চায়তৰ দুৰ্নীতিৰ তথ্য বিচৰাই কাল হ’ল দুই যুৱকৰ।
পঞ্চায়তৰ চৌহদতে দুই যুৱকক হত্যাৰ চেষ্টা পঞ্চায়তৰ ৱাৰ্ড মেম্বৰৰ।
এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ধুহিবালা গাঁও পঞ্চায়তত ।
দুৰ্নীতিৰ তথ্য বিচৰা বাবেই দুই যুৱকক হত্যাৰ চেষ্টা চলালে পঞ্চায়ত খনৰ ৱাৰ্ড মেম্বৰ লগতে পৰিয়াল বৰ্গই ।
আইনাল হক আৰু ওৱাচিল হক নামৰ যুৱক দুজনক ধুহিবালা গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বৰৰ মফুল হকৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।
তথ্য জনাৰ অধিকাৰৰ জৰিয়তে পঞ্চায়ত খনৰ দুৰ্নীতিৰ তথ্য বিচৰা বাবে এনেদৰে ভয়াবহ আক্ৰমণ কৰে দুই যুৱকক ।
পঞ্চায়ত খনৰ মেম্বৰ মফুল হক ৰ গুণ্ডা বাহিনীয়ে দুই যুৱকক পঞ্চায়ত খনৰ চৌহদতে হত্যা কৰাৰ চেষ্টা চলাই বুলি অভিযোগ তোলে দুই যুৱকে ।
পিছত ঘটনা স্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ দুই যুৱকক উদ্ধাৰ কৰে ।
ঘটনাৰ সন্দৰ্ভত আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰি সম্পূৰ্ণ ঘটনাৰ এক তদন্ত বিচাৰ কৰিছে ।
উল্লেখযোগ্য যে ধুহিবালা গাঁও পঞ্চায়ত খনত দীৰ্ঘদিন ধৰি চলি থকা অবাধ দুৰ্নীতিৰ সন্দৰ্ভত তথ্য বিচৰা বাবে এনেদৰে আক্ৰমন ৰ সম্মুখীন হব লগা হোৱা বিষয়টো পঞ্চায়ত খনৰ ভিতৰ চৰাত যে ভয়ংকৰ দুৰ্নীতি চলি আছে সেয়া নিশ্চিত হৈ পৰিছে ।