দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ উপ পৰিদৰ্শক হাইদৰ হুছেইন

535

গুৱাহাটীঃ নগাঁও আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাক প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ আৰু নিলম্বনৰ পিছতে এইবাৰ দুৰ্নীতিৰ অভিযোগত নিলম্বিত হ’ল নগাঁৱৰ আন এগৰাকী উপ পৰিদৰ্শক।

এইবাৰ নগাঁৱৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইনক গ্ৰেপ্তাৰ কৰিলে ৰূপহীহাট আৰক্ষীয়ে। ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীত ভাৰপ্ৰাপ্ত বিষয়াৰূপে কৰ্মৰত হাইদৰ হুছেইন নামৰ উপ-পৰিদৰ্শককগৰাকীক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৰূপহীহাট আৰক্ষীয়ে।

মাটি-বাৰীৰ গোচৰত বাবুল আলী নামৰ এগৰাকী ব্যক্তিৰ পৰা উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হোৱা হাইদৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে। বাবুল আলীৰ অভিযোগৰ ভিত্তিতে ইয়াৰ পূৰ্বে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল হাইদৰ হুছেইনক।