শোধনাগাৰত যুৱক-যুৱতীক চাকৰি আৰু ঠিকা প্ৰদানৰ নামত বৃহৎ দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটী শোধনাগাৰৰ প্ৰবন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক।
শোধনাগাৰ কৰ্তৃপক্ষই নুনমাটি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে অভিযান চলাই শোধনাগাৰৰ আৱাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক।
উল্লেখ্য যে, এইগৰাকী চৰকাৰী বিষয়াই এগৰাকী মহিলাৰ নামত ভুৱা ই-মেইল একাউণ্ট খুলি শোধনাগাৰৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱা কৰাৰ অভিযোগ উত্থাপন হৈছিল।
ইফালে নিবনুৱা যুৱক-যুৱতীক চাকৰি আৰু ঠিকা দিয়াৰ নামত ধন সৰকোৱাৰ অভিযোগো উত্থাপন হৈছিল বীৰেন্দ্ৰ কুমাৰ ঝাৰ বিৰুদ্ধে।
এই সন্দৰ্ভত শোধনাগাৰ কৰ্তৃপক্ষই নুনমাটি থানাত এজাহাৰ দাখিল কৰাৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।