দুৰ্ঘটনাত পতিত প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বাহন, কেনে আছে নেত্ৰীগৰাকী…

357

বৃহস্পতিবাৰে দুৰ্ঘটনাত পতিত হয় জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ বাহন। অনন্তনাগলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, পিডিপিৰ মুৰব্বীগৰাকীৰ এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে।

জানিব পৰা মতে, খানাবলত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাতৰ বাবে মেহবুবা মুফতীয়ে গৈ থকাৰ সময়তে তেওঁলোকৰ বাহনখনে আন এখন বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। সংবাদ সংস্থা পিটিআইয়ে দাবী কৰা মতে, এই দুৰ্ঘটনাত মুফতীৰ নিৰাপত্তাৰক্ষী সামান্য আঘাতপ্ৰাপ্ত হয়।

ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা তথা জম্মু-কাশ্মীৰৰ আন এজন প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই মুফতীৰ গাড়ী দুৰ্ঘটনাৰ খবৰ পাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই দুৰ্ঘটনাত নেত্ৰীগৰাকী আহত হোৱা নাই, এই খবৰত তেওঁ সুখী বুলি মন্তব্য কৰে প্ৰবীণ নেতাগৰাকীয়ে।