দুৰ্গা পূজা পাতিবলৈ মানিব লাগিব এই কেইটা নিয়ম…

56

গুৱাহাটী: দূৰ্গা পুজা আয়োজনত বাধা নাই। কিন্তু এইবাৰ দূৰ্গা পূজা বন্ধ পেণ্ডেলৰ বিপৰীতে পাতিব লাগিব খোলা পেণ্ডলত। মঙলবাৰে এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰাৰ লগতে দূৰ্গা পূজা কমিটীৰ বাবে আন কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবাৰ প্রশাসনৰ অনুমতি লৈহে আয়োজন কৰিব পাৰিব দূৰ্গা পূজাৰ। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দূৰ্গা পূজাৰ পঞ্চমীৰ দিনাখন কোৰোনা টেষ্ট কৰিব লাগিব পূজাৰ পুৰোহিত, স্বেচ্ছাসেৱী আৰু পূজা কমিটীৰ সদস্য তথা বিষয়ববীয়াই। লগতে বাধ্যতামূলক কৰা হৈছে মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱহাৰ।

নিশা ১০ বজাৰ লগে লগে পূজাৰ মণ্ডপ বন্ধ কৰাৰ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগে। এইবাৰ পূজা মণ্ডপত একে সময়ত উপস্থিত থাকিব নোৱাৰিব ৫০ জনতকৈ অধিক ব্যক্তি। এইবাৰ পূজাত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন নহ’লেও পূজা কমিটীয়ে অনুষ্ঠিত কৰিব আৰতী অনুষ্ঠান। আনহাতে পূজাৰ এই সময়ছোৱাত বাইকত দুজন আৰোহী উঠাতো নিষেধাজ্ঞা জাৰি কৰিছে স্বাস্থ্য বিভাগে। ৯ বজাৰ পূৰ্বেই বন্ধ কৰিব লাগিব হোটেল-ৰেষ্টুৰেণ্টসমূহ।

আনফালে কোভিড পৰিস্থিতিৰ বাবে সমদল কৰি দেৱী বিসৰ্জন কৰাটো বাধা প্ৰদান কৰিছে স্বাস্থ্য বিভাগে। প্ৰশাসনে ৩ দিনলৈকে প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়াৰ লগতে বিসৰ্জনৰ পিছত পূজা কমিটীৰ সকলো সদস্য, স্বেচ্ছাসেৱী আৰু পুৰোহিতে দ্বিতীয়টো কোৰোনা টেষ্ট কৰিব লাগিব বুলি সংবাদ মেলত সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।