দুৰ্গা পূজা-কালী পূজা উদযাপনৰ সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ সভা

147

ঋতু পৰ্ণ শৰ্মা, নগাঁও: আগন্তুক শাৰদীয় দুৰ্গা পূজা আৰু কালী পূজা নগাঁও জিলাত শান্তিপূৰ্ণ আৰু ক’ভিড নিয়মাৱলী পালন কৰি উদযাপনৰ সম্পৰ্কত বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ সভা কক্ষত জিলা উপায়ুক্ত কবিতা পদ্মনাভন (আই. এ. এছ.)ৰ সভাপতিত্বত জিলাখনৰ পূজা সমিতিৰ বিষয়ববীয়াৰ লগত এক সভাত মিলিত হয়। সভাত উপায়ুক্তগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে যে পূজা কমিটিৰ আয়োজকসকল, স্বেচ্ছাসেৱক আৰু পূজাৰীসকলে পূজাত অন্তত: ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক। লগতে পূজা দৰ্শন কৰিব অহা ভক্তগণেও অন্তত: ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক।

এই সভাত উপস্থিত থাকি জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (আই. পি. এছ.)ই পূজা সমিতি সমূহক শান্তি-শৃংখলা বজাই ৰাখি পূজা উদযাপন কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, এই সভাতে উপায়ুক্তগৰাকীয়ে জিলাখনত মেলা, ধৰ্মীয় বা সাংস্কৃতিক উৎসৱ, অনুভাষ যন্ত্ৰৰ ব্যৱহাৰ, সভা-শোভাযাত্ৰা আৰু অন্যান্য অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি আবেদন ক্ষেত্ৰত এক নতুন E-District সেৱা ৰাইজৰ বাবে মুকলি কৰে। সভাত মুখ্য কাৰ্যবাহী বিষয়া, নগাঁও জিলা পৰিষদ, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত উপায়ুক্তকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আগন্তুক দুৰ্গাপূজা আৰু কালী পূজাত জিলাখনৰ চাহবাগিছাৰ শ্ৰমিক সকলৰ পূজা বোনাচ প্ৰদানৰ সন্দৰ্ভত জিলা উপায়ুক্তই জিলাখনৰ সমূহ চাহ বাগিছাৰ কৰ্তৃপক্ষ, ভাৰতীয় চাহ মজদূৰ সংঘ আৰু অসম চাহ মজদূৰ সংঘৰ প্ৰতিনিধিৰ লগত এক সভাত মিলিত হয় । এই সভাত উপায়ুক্তগৰাকীয়ে পূজা উপলক্ষে শ্ৰমিকসকলক প্ৰাপ্য বোনাচ সময়মতে প্ৰদান কৰিবলৈ চাহ বাগিছাৰ কৰ্তৃপক্ষ সকলক আহ্বান জনায় বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ।