দুৰ্গতলৈ হেঁপাহৰ সহায়ৰ হাত

60

ষ্টাফৰিপৰ্টাৰ, বজালী মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ প্ৰাক্তন আবাসী সকলৰ অনুষ্ঠান হেঁপাহে সদায় আৰ্তজনৰ কাষত থিয় দি আছে। স্বীকৃতি প্রাপ্ত অৰাজনৈতিক সংস্থা হেঁপাহৰ
উদ্যোগত আজি গুৱাহাটীত চিকিৎসাধীন প্ৰাক্তন সতীৰ্থ আবাসী নিৰঞ্জন ভট্টাচাৰ্যৰ হাতত নগদ আৰ্থিক সহার্য আগবঢ়োৱা হয়। হেঁপাহৰ হৈ সভাপতি সৰোজ কুমাৰ নাথে এই সহার্য আগবঢ়ায়। আজি দুপৰীয়া নেমকেয়াৰ হাস্পতাললৈ গৈ হেঁপাহৰ সংগৃহীত পুঁজিৰ পৰা নগদ ২৫ হাজাৰ টকা নিৰঞ্জন ভট্টাচাৰ্যৰ হাতত আগবঢ়োৱা হয়। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে এই কথা জানিবলৈ দিয়ে হেঁপাহৰ প্ৰচাৰ সম্পাদক আলিয়াছ আহমেদে।