দুধনৈত বন্যহস্তীৰ তাণ্ডৱ, নিহত এজন

54

দুধনৈঃ ৰংজুলিত অব্যাহত আছে হস্তী-মানুহৰ সংঘাত। নিশা ৰংজুলিত বন্যহস্তীৰ আক্ৰমণত নিহত এজন যুৱক। ৰংজুলি থানাৰ অন্তৰ্গত চেঁচাপানীৰ গাৰোপাৰাত সংঘটিত হয় ঘটনা ৷

নিশা এজাক বন্যহস্তীয়ে গাঁৱত প্ৰৱেশ কৰাত খেদিবলৈ যাওঁতে ওলোটাই এটা উগ্ৰ বন্যহস্তীয়ে যুৱক জনক প্ৰায় তিনি শ মিটাৰ মান দূৰলৈ খেদি আহি যুৱক জনক গচকি নিহত কৰে। নিহত যুৱক জনৰ নাম অমিত মাৰাক বুলি জানিব পৰা গৈছে।